Tuesday, November 3, 2015

বিদেশী খেদা আন্দোলন ২

-          আগৰ খণ্ডত – পৰীক্ষা চলি থকাৰ মাজতে কোনোবাই পাহাৰত বিদেশীয়ে ঘৰ বনোৱাৰ খবৰ দিলে , হোষ্টেলৰ বিশ পচিশজনীয়া দল এটাই আগ –পাছ নুগুণি বিদেশী খেদিবলৈ আগ বাঢ়িল তাৰ পাছত ----


হকীষ্টিক , বেট আৰু ক্ৰিকেটৰ ষ্টাম্প ভাগত পোৱা কেইটা সন্মুখত , জেওৰা খুটি , এনেই পৰি থকা ৰড ভাগত পোৱা কেইটা মাজত আৰু একো ভাগত নোপোৱা কেইটা একেবাৰে শেষৰ পিনে গোট খাই আমি পাহাৰৰ ওপৰত অবৈধ ভাৱে ঘৰ সজা বাংলাদেশী খেদা অপাৰেছনলৈ বুলি আগবাঢ়িলো লিডাৰৰ ভুমিকাত থকা কেইটাৰ অঙ্গী-ভঙ্গীৰ পৰা বুজা গল আজি হয় গুৱাহাটী , নহয় ৰঙামাটি হোষ্টেলৰ গেট পাৰ হৈ পাহাৰৰ ফালে উঠালৈকে ইতিমধ্যে প্ৰতিটো ব্লকৰ , প্ৰতিটো ছেমিষ্টাৰৰ পাচ-ছয় জন মানকৈ  প্ৰতিনিধি গোট খাইছিল বিভিন্ন ধৰণৰ ৰং বিৰংৰ পিন্ধন , সৰু পায়াৰ ভৰিত যদি  ফেঞ্চি বজাৰৰ পৰা অৰিজিনেল বুলি ঠগ খাই কিনি অনা দুই নম্বৰী অডিডাছৰ জোতা , নন্দীৰ মুৰত আকৌ ৰঙা কপোৰ এখন গোস্বামী আকৌ নিজৰ দেহৰ জোখতকৈ বেছি ডাঙৰ গেঞ্জী এটা পিন্ধি , সোঁহাতে চাধা মলি মলি নতুনকৈ হোষ্টেলত সোমোৱা, ডিষ্ট্ৰিক লেভেলত বক্সিং খেলা, ফাৰ্ষ্ট ছেমিষ্টাৰৰ  ৰিদীপক কৈ গ,
 “ অই বক্সিং ”
“হয় দাদা ”
“  এটামান বাংলাদেশীক নক আউত কৰিব পাৰিবিনে নাই ?
“পাৰিম দাদা ”
“অ’ , পাৰিব লাগিব নহলে , নহলে ৰাতিলৈ তোক মই নক আউত কৰিম ”
গোস্বামীৰ চাধা মলি শেষ হৈ ওঠৰ তলত সোমাই দিয়ালৈকে আগে আগে গৈ থকা কেইটা ইতিমধ্যে ঘটনাস্থলী পালেগৈয়েই সৰু সৰু তৰ্জা বেৰৰ ঘৰ কেইটামান , বাঁহৰ জেওৰাৰে ঘৰৰ চৌহদ বেৰি থোৱা আছে
“অ, কোনটো ঘৰলৈ প্ৰথমে যাওঁ  বে ? , কোনোবা এটাই সুধিলে
উত্তৰ অহালৈ বাট নেচাই , এডিডাছৰ জোতা পিন্ধা সৰু পায়াই   এগোৰতে জপনাখন ভাঙি এটা ঘৰৰ চৌহদলৈ সোমাই গ, “ অই , কোন আছ ওলাই  আহ
পায়াৰ বীৰত্ব প্ৰদৰ্শনলৈহে যেন চবেই বাট চাই আছিল বেট , ষ্টাম্প , জেওৰাখুটি লোৱা কেইটাও লগে লগে জেওৰা , জপনা আদিত কোবাই ওলাই আহ ওলাই আহ চিঞঁৰেৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হঘৰৰ ভিতৰৰ পৰা কোনো ওলাই অহা নাই আমাৰ লীডাৰ কেইটাৰ চিঞৰৰ লাহে লাহে বাঢ়িল , জেওৰা , জপনা আদিত কোবৰ পৰিমাণ বৃদ্ধি হল যদিও সন্দেহযুক্ত বিদেশী নাগৰিক এতিয়াও ওলাই অহা নাই দোষী ওলাই নহালৈকে আমাৰ লীডাৰ কেইটায়ো কোনো ডাঙৰ পদক্ষেপ লবলৈ সংকোচ কৰি আছে কোনোবা এটাই কলে , “ এই ঘৰটোত কোনো নাই যেন পাইছো , কাষৰ ঘৰটোত যাওঁ বতাত মানুহ আছে
“অ’ , তাত এখন লুঙীও মেলি থোৱা অছে
লুঙী মেলি থোৱা ঘৰটোৰ পিনে সকলোৱে একেলগে চালে সম্ভাৱ্য বিদেশী লুকাই থকা এইতোৱেই আটাইতকৈ সুবিধাজনক ঠাই যেন অনুভৱ হএটা এটাকৈ বহুকেইটা ঘৰ চোতালত ভৰি দিলেগৈ কেইটামান বাহিৰত পহৰা দিয়াৰ নিচিনাকৈ থিয় দি ৰইতিমধ্যে কাষৰ-পাজৰ মানুহ কিছুমানেও কি হৈছেনো বুলি ভূমুকি মাৰিবলৈ ধৰিলে দৰ্শকৰ আগমণত আমাৰ ওপৰত কিবা এটা কৰি দেখুৱাৰ প্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিলে কেইটামানে আকৌ আগৰবাৰৰ দৰে ঘৰৰ মানুহক ওলাই আহিবলৈ হুকুম দিলে আমি ঘৰৰ বন্ধ দৰ্জাখনলৈ চাই থাকিলো ভিতৰত মানুহ থকাৰ কিবা এটা উমান পোৱা গকিবা অলপ ফুছ ফুছ ফাছ ফাছৰ শব্দ শুনা গ
 কোনোবা এটাই আকৌ চমন জাৰি কৰিলে , “কোন আছ ওলাই আহ , নহলে আমি দৰ্জা ভাঙি দিম দৰ্জা ভাঙিম বুলি কোৱাটোৱে কথাটোত জোৰ দিবলৈ হাতৰ লাঠিডালেৰে খুটা এটাত দুবাৰ মান মাৰি দেখুৱালে দৰ্জা ভঙাৰ সাহস আমাৰ আছিল নে নাই সন্দেহ আছিল যদিও , লাঠিৰ কোবে ঠিকেই কাম দিলে ঘৰৰ ভিতৰৰ পৰা মতা – মাইকী আৰু লৰা ছোৱালী এহাল হাতত কিবা কাগজ লৈ ওলাই আহিল কাগজ মানে লেমিনেশ্বন কৰা মেট্ৰিকৰ এডমিট কাৰ্ড , পুৰণি প্লাষ্টিকত মেৰিয়াই থোৱা মাটিৰ নামজাৰিৰ কাগজ, উৱলি যোৱা ৰেছন কাৰ্ড আৰু কিবাকিবি এসোপামান কাগজ লৈ গৃহস্থৰ  আমাৰ আগত কাকুতি মিনতি ,
“দাদাসকল , ছাৰসকল আমি ইয়াৰে মানুহ , বিদেশী নহয় এবাৰ আমাৰ পেপাৰবিলাক চাই লওঁক ” ...



n  পেপাৰবিলাক চোৱা হলনে , পেপাৰত কি ওলাল এইবোৰত লাগি থাকোতে পৰীক্ষাৰ কি হশেষ ভাগ আহা খ্ণ্ডত .... 

No comments:

Post a Comment